Header Ads

২০২০ৰ আগষ্টলৈ চৰকাৰে দিব ৩ মাহৰ বাবে ইপিএফঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন



ডিজিটেল ডেস্কঃ বুধবাৰে সংবাদমেল সম্বোধন কৰি সুখবৰ দিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনে সংবাদমেলত কয়- ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ তিনি মাহৰ ইপিএফ অৰ্থাৎ কৰ্মচাৰী ভৱিষ্যৎ নিধি তিনি মাহৰ বাবে কমাই দিয়া হ’ব। লগতে চৰকাৰী কৰ্মচাৰীসকলৰ ইপিএফ পূৰ্বৰ দৰে ১২ শতাংশই হৈ থাকিব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বুধবাৰে সংবাদমেলখনত ঘোষণা কৰে যে, কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ এই তিনি মাহ সময় অৰ্থাৎ ২০২০চনৰ আগষ্ট মাহলৈ এই ধন প্ৰদান কৰা হ’ব চৰকাৰৰ ফালৰ পৰা। আৰু ইয়াৰ দ্বাৰা ৩.৬৭ লাখ প্ৰতিষ্ঠান আৰু ৭২ লক্ষাধিক কৰ্মচাৰী উপকৃত হ’ব।

ইফালে, সংবাদমেলখনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে- দেশৰ যিসকল কুটীৰ আৰু লঘু উদ্যোগে ইতিমধ্যে ঋণ লৈ বৰ্তমানলৈকে পৰিশোধ কৰা নাই সেইসকলেও কেন্দ্ৰৰ এই পোনপটীয়া ঋণৰ সুবিধা লাভ কৰিব। লগতে অৰ্থৰ অভাৱত যি উদ্যোগে নিজৰ কাম বিস্তাৰ কৰিব পৰা নাছিল তেনে উদ্যোহ সমূহৰ বাবে ৫০ হেজাৰ কোটি টকাৰ ঋণ কেন্দ্ৰৰ ফালৰ পৰা মুকলি কৰা হৈছে। যি উদ্যোগ বৰ্তমান সময়ত অতি সংকটাপূৰ্ণ হৈ আছে সেই সকলো উদ্যোগৰ বাবে কেন্দ্ৰীয় বিত্ত বিভাগে মুকলি কৰি দিছে ২০ হাজাৰ কোটি টকা।

No comments

Powered by Blogger.